সম্পদ
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৬
social science lesson 6
class 7 social science question answer assamese medium
class 7 AssamQna
১। সম্পদ বুলিলে কি বুজা? সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি? লিখা।
উত্তৰ:- মানুহৰ দৈনন্দিন জীৱনৰ চাহিদা পূৰাবলৈ বিভিন্ন সা-সামগ্ৰী বা দ্ৰব্যৰ প্ৰয়োজন হয়। মানুহৰ এনে প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য বা সামগ্ৰীয়ে সম্পদ।
সম্পদ তিনি প্ৰকাৰৰ-
(ক) প্ৰাকৃতিক সম্পদ
(খ) মানৱ সম্পদ আৰু
(গ) মানৱ সৃষ্ট সম্পদ।
২। ' মানৱ শ্রেষ্ঠতম জৈৱিক সম্পদ '। যুক্তি দৰ্শাই লিখা। ( এশ শব্দৰ ভিতৰত )
উত্তৰ:- জীৱ জগতৰ পৰা আহৰণ কৰিব পৰা সম্পদসমূহেই হ'ল জৈৱিক সম্পদ। মানুহো জৈৱিক সম্পদৰ অন্তৰ্গত। বুদ্ধিবৃত্তি থকা প্ৰাণী হিচাপে মানুহে নিজে নিজৰ উন্নয়ন সাধিব পাৰে। আনকি মানুহে প্রাকৃতিক সম্পদসমূহৰো উপযুক্ত ব্যৱহাৰ, সংৰক্ষণ আদিৰ ক্ষেত্ৰত বুদ্ধি বৃত্তি খটুৱাই উৎকর্ষ সাধন কৰিব পাৰে। আন কথাত ক'বলৈ গ'লে ব্যক্তিৰ বুদ্ধিমত্তা, কর্মদক্ষতা আৰু কৌশল উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণ বিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক এখন ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। মানুহে নিজে দেশৰ সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নতিত অৰিহণা যোগাব পাৰে ৷ এনেবোৰ কাৰণতেই মানুহক শ্রেষ্ঠতম জৈৱিক সম্পদ বোলা হয়।
৩। তুমি জনা প্ৰাকৃতিক সম্পদবোৰ কি? সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ:- যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়, সেয়াই প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদবোৰ হ'ল-
(ক) নবীঅৰণক্ষম সম্পদ,
(খ) অ-নবীকৰণক্ষম সম্পদ,
(গ) জৈৱিক সম্পদ,
(ঘ) অজৈৱিক সম্পদ,
(ঙ) সৰ্বব্যাপী সম্পদ,
(চ) স্থানভিত্তিক সম্পদ,
(ছ) প্ৰকৃত সম্পদ আৰু
(জ) সম্ভাৱনাপূৰ্ণ সম্পদ।
৪। দীর্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা ? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্রয়োজন ? লিখা।
উত্তৰ:- মানুহৰ জীৱনৰ প্ৰয়োজনীয়তা বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰাব পৰা ব্যৱস্থাই হৈছে সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন। ভৱিষ্যতেও যাতে সম্পদৰাজিৰ ব্যৱহাৰ কৰিব পৰাটো সম্ভৱ হৈ থাকে, তাৰ কাৰণেই সম্পদৰ দীৰ্ঘম্যাদী উন্নয়নৰ প্ৰয়োজন। কাৰণ এনে এটা দিন আহিব পাৰে যে সম্পদসমূহ নিঃশেষ হৈ যাব।
৫। পাৰ্থক্য লিখি উলিওৱা
(ক) নবীকৰণক্ষম সম্পদ আৰু অ-নবীকৰণক্ষম সম্পদ
উত্তৰ:- নবীকৰণক্ষম সম্পদে শ্ৰেণী সম্পদসমূহ মানুহে অহৰহ ব্য়ৱহাৰ কৰি থাকিলেও শেষ নহয়; কাৰণ প্ৰকৃতিয়ে তাক নিবীকৰণ কৰি থাকে।
আনহাতে, অনবীকৰণক্ষম সম্পদে এবাৰ আহৰন কৰি ব্য়ৱহাৰ কৰাৰ পাছত এই সম্পদ নিজে সৃষ্টি নহয় আৰু প্ৰকৃতিয়েও এইবোৰক উৎপাদন নকৰে।
(খ) সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ
উত্তৰ:- সকলোতে পোৱা সম্পদবোৰক সৰ্বব্যাপী সম্পদ বোলে। যেনে-বায়ু।
আনহাতে এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাক স্থানভিত্তিক সম্পদসমূহ পোৱা যায়। যেনে-লোৰ,আকৰ, কয়লা।
(গ) প্ৰকৃত সম্পদ আৰু সম্ভাব্যপূর্ণ সম্পদ
উত্তৰ:- মানুহে সদ্বব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে আহৰণ কৰা সম্পদেই হ'ল প্ৰকৃত সম্পদ।
আনহাতে সম্ভাব্যপূর্ণ সম্পদৰ আহৰণ ভৱিষ্যতেও হ'ব পাৰে।
প্রকৃত সম্পদৰ পৰিমাণ অনুমেয় কিন্তু সম্ভাৱ্যপূর্ণ সম্পদৰ পৰিমাণ সহজে অনুমেয় নহয়।
৬। শুদ্ধ উওৰটো বাছি উলিওৱা-
(ক) সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰাসংগিক নহয়?
(i) পৰিমাণ
(ii) প্ৰয়োজন পূৰাব পৰা সামগ্ৰী
(iii) ব্যৱহাৰৰ বাবে উপযোগী
উত্তৰ:- (i) পৰিমাণ।
(খ) তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়?
(i) পৰ্বত-পাহাৰ
(ii) থকা ঘৰ
(iii) জলবিদ্যুৎ
উত্তৰ:- (i) পৰ্বত-পাহাৰ।
