অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ , বন্যপ্ৰাণী আৰু কৃষি ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৭ social science lesson 7 class 6 social science question answer assamese medium class 6 AssamQna

অসম : জলবায়ু, প্ৰাকৃতিক উদ্ভিদ , বন্যপ্ৰাণী আৰু কৃষি
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৭
social science lesson 7
class 6 social science question answer assamese medium
class 6 AssamQna


(১) উত্তৰ দিয়া-

(ক) কি বৃত্তিৰ ওপৰত অসমৰ অধিকাংশ মানুহ নিৰ্ভৰশীল?
উত্তৰ:-
কৃষিৰ ওপৰত অসমৰ অধিকাংশ মানুহ নিৰ্ভৰশীল।


(খ) চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য কি ?
উত্তৰ:-
চিৰসেউজীয়া উদ্ভিদৰ ডালত পাত সেউজীয়া থাকে ।


(গ) মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত ?
উত্তৰ:-
মানাহ ৰাষ্ট্ৰীয় উদ্যান বাগছা জিলাত অৱস্থিত ।


( ঘ ) প্রাকৃতিক উদ্ভিদ বুলিলে কি বুজা ?
উত্তৰ:-
মানুহৰ প্ৰভাৱ নপৰাকৈ বা লালন - পালন নোপোৱাকৈ প্ৰাকৃতিকভাৱে ডাঙৰ - দীঘল হোৱা গছ গছনিকে প্রাকৃতিক উদ্ভিদ বোলে ।


(২) চমু উত্তৰ লিখা-

(ক) জলবায়ু বুলিলে কি বুজা?
উত্তৰ:-
অসমৰ তিনিওফালে থকা পৰ্বত-পাহাৰ, মালভূমি, খাল-বিল, জলাশয় আদিৰ প্ৰভাৱত অসমত এক নিৰ্দিষ্ট বায়ুৱে বিৰাজ কৰে ইয়াকে জলবায়ু বোলে।


( খ ) অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি ?
উত্তৰ:-
অসমৰ প্ৰধান ঋতু চাৰিটা আৰু সেইবোৰ হ'ল –
            ( ক ) গ্রীষ্মকাল
            ( খ ) বর্ষাকাল
            ( গ ) শৰৎকাল
            ( ঘ ) শীতকাল


( গ ) বর্ষাকাল ধানখেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি ?
উত্তৰ:-
ধানখেতি কৰিবলৈ অধিক পৰিমাণৰ পানী আৰু উষ্ণ জলবায়ুৰ প্ৰয়োজন হয় । যিহেতু , বর্ষাকালত অসমত দক্ষিণ - পশ্চিম মৌছুমী বতাহৰ ফলত যথেষ্ট বৰষুণ হয় আৰু সেই সময়ত অসমৰ উষ্ণতাও বেছি হৈ থাকে , সেয়ে বর্ষাকাল ধানখেতিৰ ধানখেতিৰ বাবে উপযোগী সময় ।


(ঘ) কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনেধৰণৰ?
উত্তৰ:-
জলবায়ু অনুসৰি খেতি হয় বুলি জনাজাত। ভাল জলবায়ুত সদায় ভাল খেতি হয়। আনহাতে জলবায়ুত প্ৰদূষিত গেছ থাকিলে খেতি ভাল নহয়।


(ঙ) চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পার্থক্যসমূহ কি কি ?
উত্তৰ:-
চিৰসেউজীয়া উদ্ভিদ আৰু পর্ণপাতী উদ্ভিদৰ প্রধান পার্থক্যসমূহ হ'ল    
            চিৰসেউজীয়া উদ্ভিদৰ পাত সদায় সেউজীয়া হৈ থকাৰ পৰিৱর্তে বছৰটোত এবাৰকৈ পর্ণপাতী উদ্ভিদবিলাকৰ সকলো পাত সৰি যায় আৰু কিছু দিনৰ পাছত পুনৰ কুঁহিপাত ওলায় ।
             চিৰসেউজীয়া উদ্ভিদক গড়ে ২০০ চেণ্টিমিটাৰতকৈ বেছি বৰষুণ লাগে ; আনহাতে পর্ণপাতী উদ্ভিদক সাধাৰণতে ৮০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ গড় বৰষুণ লাগে ।


(৩) খালী ঠাই পূৰ কৰা-

(ক) কোনো এটা অঞ্চলত কমেও ৫০ বছৰ সূৰ্যৰ পোহৰ, উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত, আদ্ৰতা আদিৰ গড় অৱস্থাকে _______ বুলি কোৱা হয়।
উত্তৰ:-
জলবায়ু


(খ) জলবায়ুৰ বৈশিষ্টৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক _______ ঋতুত ভাগ কৰা হৈছে।
উত্তৰ:-
৬ টা


(গ) ভাৰতবৰ্ষত চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান _______।
উত্তৰ:-


(ঘ) _______ বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।
উত্তৰ:-
মৌচুমী


(ঙ) বৰ্তমান অসমত মুঠ _______  খন অভয়াৰণ্য় আছে।
উত্তৰ:-
১৯


(চ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান _________ বাবে বিখ্য়াত।
উত্তৰ:-
এশিঙীয়া গড়ৰ


(ছ) শীতকালত দিন চুটি আৰু ৰাতি _______ হয়।
উত্তৰ:-
দীঘল


(৪) শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ'ল-
উত্তৰ:-
মৌচিনৰাম।


(খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘাইকৈ অসমৰ কোন জিলাত অৱস্থিত?
উত্তৰ:-
গোলাঘাট।


(গ) এবছৰত একোবাৰকৈ নিজৰ পাত সলোৱা উদ্ভিদ বিধ হ'ল-
উত্তৰ:-
পৰ্ণপাতী উদ্ভিদ।


(ঘ) উদ্ভিদে এৰি দিয়া গেছবিধ হ'ল-
উত্তৰ:-
অক্সিজেন।


*

Post a Comment (0)
Previous Post Next Post