অসমৰ সম্পদ
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৭
social science lesson 7
class 7 social science question answer assamese medium
class 7 AssamQna
১। উত্তৰ দিয়া-
(ক) কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি?
উত্তৰ:- কাগজকল(জাগীৰোড) আৰু জূইশালা (ধুবুৰী)।
(খ) অসমত থকা ব্যঘ্ৰ প্ৰকল্প দুটাৰ নাম।
উত্তৰ:- নামেৰি আৰু মানাহ।
(গ) অসমৰ কোনখন জিলাত সৰ্বাধিক লোকে বাস কৰে।
উত্তৰ:- নগাঁও (২৮,২৬,০০৬) জন।
(ঘ) বৰ্তমান অসমৰ মুঠ শিক্ষিতৰ হাৰ কিমান?
উত্তৰ:- ৭৩.১৮ শতাংশ।
(ঙ) অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি?
উত্তৰ:- কৃষি।
২। সঁচা -মিঁছা লিখা-
(ক) অসমৰ ২০০ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া।
উত্তৰ:- সঁচা।
(খ) শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত।
উত্তৰ:- সঁচা।
(গ) বিভিন্ন বনজ আৰু খনিজ সম্পদত চহকী কাৰ্বি আংলং জিলাৰ জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক।
উত্তৰ:- মিছা।
(ঘ) কপিলী বৰাক নৈৰ এখন উপ -নৈ।
উত্তৰ:- মিছা
(ঙ) অসমত মহিলাতকৈ পুৰুষৰ শিক্ষিতৰ হাৰ কম।
উত্তৰ:- মিছা।
৩। উদ্ভিদ পৰা আমি কি কি পাওঁ? এখন তালিকা কৰা।
উত্তৰ:- (ক) মানুহ আৰু পশু-পক্ষী উশাহৰ বাবে অক্সিজেনৰ যোগান,
(খ) তাঁত শালৰ বিভিন্ন সামগ্ৰী,
(গ) ইন্ধনৰ উৎস (কাঠ,খৰি) আৰু
(ঘ) বিভিন্ন ঔষধ।
৪। বন্য প্রাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্ৰয়োজন ? ( ৫০ টা মান শব্দৰ ভিতৰত লিখা )
উত্তৰ:- বন্য প্রাণীৰ কাৰণে হাবিৰ পৰিমাণ কমি আহিছে । বনাঞ্চল ধ্বংস কৰি মানুহে ঘৰ - দুৱাৰ নিৰ্মাণ কৰাৰ ফলতেই এনে অৱস্থা হৈছে । গতিকে বন্য প্রাণীৰ বাবে অভয়াৰণ্যই হৈছে সুৰক্ষিত অঞ্চল । অভয়াৰণ্যত বন্য প্ৰাণীয়ে বংশ বৃদ্ধিৰো সুবিধা পায় । এনেবোৰ কাৰণতেই বন্য প্রাণীৰ বাবে অভয়াৰণ্যৰ প্ৰয়োজন ।
৫। অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লাখনি থকা ঠাইসমূহৰ নাম লিখা।
উত্তৰ:- অসমত খাৰুৱা তেলৰ পুং বৰ্তমান নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, বৰহোলা, লাকুৱা, দিহিং উপত্য়কা আদি বোৰ ঠাইতে খাৰুৱা তেল পোৱা যায়।
আৰু কয়লাখনি বৰ্তমান উজনি অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, নাফুক, নাগিনিমৰা আদিত কয়লাখনি পোৱা যায়।
৬। ভূ তলজৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় ৫০টা শব্দৰ ভিতৰত লিখা।
উত্তৰ:- ভূ-গৰ্ভৰ ভিতৰত সঞ্চিত থকা পানীয়ে ভূ-তলজল। ই দেশ এখনৰ অন্যতম প্ৰাকৃতিক সম্পদ। দেশ এখনৰ খোৱাপানী আৰু গৃহকাৰ্যৰ চাহিদাৰ প্ৰায়ভাগ অংশই পূৰণ কৰে ভূ-তলজল। উদ্যোগ আৰু কলকাৰখানা বোৰতো ভূ-তলজল ব্যৱহাৰ হয়। কৃষি কাৰ্যত জলসিঞ্চনৰ বাবে ভূ-তলজল অতি প্ৰয়োজনীয়।
