আমাৰ ভাৰতবৰ্ষ
ষষ্ঠ শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৮
social science lesson 8
class 6 social science question answer assamese medium
class 6 AssamQna
(ক) উত্তৰ দিয়া-
(১) ভাৰতৰ প্ৰধান প্ৰাকৃতিক বিভাগবোৰ কি কি?
উত্তৰ:- উত্তৰৰ পাৰ্বত্য অঞ্চল, উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, দাক্ষিণাত্য মালভূমি অঞ্চল, উপকূলীয় নিম্নভূমি আৰু দ্বীপ অঞ্চল।
(২) দক্ষিণ ভাৰতৰ ৪খন নদীৰ নাম লিখা?
উত্তৰ:- গংগা, যমুনা, কৃষ্ণা আৰু কাবেৰি।
(৩) ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰ সাতখনৰ নাম লিখা?
উত্তৰ:- চীন, নেপাল, ভূটান, ম্যানমাৰ, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ।
(৪) ভাৰতবৰ্ষত মূঠতে কিমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে?
উত্তৰ:- ভাৰতবৰ্ষত মুঠতে ২৯খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।
( ৫ ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত কিয় জনবসতি ঘন ?
উত্তৰ:- উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত থকা মাটি পলসুৱা যি কৃষিৰ বাবে উপযোগী , সেইবাবে এই অঞ্চলত জনবসতি ঘন ।
( ৬ ) ভাৰতবৰ্ষৰ পূব উপকূল আৰু পশ্চিম উপকূলৰ মাজত কি কি পার্থক্য আছে ?
উত্তৰ:- ভাৰতবৰ্ষৰ পূব উপকূল তুলনামূলকভাবে বহল আৰু সাৰুৱা , আনহাতে পশ্চিম উপকূল ঠেক , শিলাময় আৰু অসাৰুৱা ৷
(৭) ভাৰতবৰ্ষক কিয় এখন বৈচিত্ৰময় দেশ বুলি কোৱা হৈছে?
উত্তৰ:- ভাৰতবৰ্ষৰ আয়তনৰ বিশালতা, প্ৰাকৃতিক অৱয়ৱৰ বিভিন্নতা, ভাষা, ধৰ্ম, ৰীতি-নীতি, ইতিহাস, আদিৰ বিভিন্নতা ভাৰতবৰ্ষৰ বিদ্যামান। এনে থকা সত্বেও সকলো ভাৰতীয়ই আমি এক ভাৰতীয় বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰে। ভাৰতীয় মানুহৰ সহনশীলতা, সহযোগিতা আৰু ঐক্যতাই ভাতৃত্ববোধৰ পৰিচয় দি পৃথিৱীৰ ভিতৰতে এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। সেইবাবে ভাৰতবৰ্ষক এখন বৈচিত্ৰ্যময় দেশ বুলি কোৱা হয়।
(খ) সোঁফালৰ লগত বাঁওফাল মিলোৱা-
উত্তৰ:- এভাৰেষ্ট — পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত শৃঙ্গ ।
তাপ্তী — দক্ষিণ ভাৰতৰ নদী ।
আন্দামান আৰু নিকোবৰ — বংগোপসাগৰত থকা দ্বীপপূঞ্জ ।
নেপাল — স্বাস্থ্যকৰ ঠাই ।
নাইনিতাল — ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ।
(গ) খালী ঠাই পূৰ কৰা-
(১) ভাৰতৰ মূল ভূখণ্ডৰ একেবাৰে দক্ষিণত থকা ঠাইখন হ'ল _________ (কন্যাকুমাৰী / পণ্ডিচেৰী)।
উত্তৰ:- কন্যাকুমাৰী
(২) ভাৰতবৰ্ষক ___________ প্ৰায় সমানে দুভাগ কৰিছে (বিষুৱ ৰেখাই/মকৰ ক্ৰান্তি ৰেখাই/কৰ্কটক্ৰান্তি ৰেখাই)।
উত্তৰ:- বিষুৱ ৰেখাই
(৩) গংগা নদীৰ উৎস হিমবাহ __________ (টামছুক খাম্বাব/গংগোত্ৰী)।
উত্তৰ:- গংগোত্ৰী
(৪) ___________ ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে (চুৱেজ খালে/পানামা খালে/পক্ প্ৰণালীয়ে)।
উত্তৰ:- পক্ প্ৰণালীয়ে
