উত্তৰ-পূৱ ভাৰত সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ সমাজ বিজ্ঞান পাঠ ৮ social science lesson 8 class 7 social science question answer assamese medium class 7 AssamQna

উত্তৰ-পূৱ ভাৰত
সপ্তম শ্ৰেণী সমাজ বিজ্ঞান প্ৰশ্ন উত্তৰ
সমাজ বিজ্ঞান পাঠ ৮
social science lesson 8
class 7 social science question answer assamese medium
class 7 AssamQna


১। উত্তৰ লিখা-
(ক) উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা গৈছিল?
উত্তৰ:-
অৰুণাচল প্ৰদেশক।


(খ) কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই উত্তৰ-পূব ভাৰতক ভাৰত ভূখণ্ডৰ লগত সংযোগ কৰিছে?
উত্তৰ:-
পশ্চিমবংগৰ।


(গ) উত্তৰ-পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি?
উত্তৰ:- 
লুইত, সোৱণশিৰি, ছিয়াং, জীয়াভৰলী।


(ঘ) পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়?
উত্তৰ:-
কাৰণ সমভূমি অঞ্চলত নদী-পুখুৰী, জলাশয় আদিৰ পৰা পানী যোগান ধৰাৰ সুবিধা থাকে। কিন্তু পাহাৰীয়া অঞ্চলত এইবোৰ সুবিধা নাথাকে। তাৰোপৰি পাহাৰীয়া অঞ্চলত মাটি ওখোৰা মোখোৰা থাকে।


(ঙ) উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া?
উত্তৰ:-
উত্তৰ পূব ভাৰতৰ অসম উদ্য়োগৰ ক্ষেত্ৰত আগবঢ়া।


২। পাহাৰীয়া অঞ্চলত কেনে ধৰণে খেতি হয়? (৫০ টা মান শব্দৰ ভিতৰত লিখা।)
উত্তৰ:-
পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে ঝুম খেতি পদ্ধতিৰে খেতি কৰে। প্ৰতি বছৰে পাহাৰৰ হাবি- বন কাটি জুই লগাই ঝুম খেতি পথাৰ মুকলি কৰা হয়। মাটি খিনি মুকলি কৰাৰ পিছত তাত পৰম্পৰাগত সা-সঁজুলিৰে মাটি চহাই কৃষিকাৰ্য কৰা হয়। পাহাৰত ঝুম পদ্ধতিৰে খেতি কৰি আলু, কচু, হালধি, কল,  তিল, ধান, আদি বিভিন্ন শস্য উৎপাদন কৰা হয়। দুই তিনিবছৰ মান এডোখৰ কৃষিভূমি ব্যৱহাৰ কৰাৰ  পিছত সেই ঠাই এৰি আন এঠাইত খেতিৰ  বাবে মাটি মুকলি কৰা হয়।


৩। খালী ঠাই পূৰ কৰা-
(ক) উত্তৰ-পূব ভাৰতৰ সাতখন‌ ৰাজ্যৰ মুঠ মাটিকালি ____ বৰ্গ কিল'মিটাৰ।
উত্তৰ:-
২,৫৫,০৮৩।


(খ) ভাৰতৰ উত্তৰ-পূব অঞ্চল ___ উত্তৰ অক্ষাংশৰ পৰা ____ উত্তৰ অক্ষাংশলৈকে বিস্তৃত।
উত্তৰ:-
২০ ডিগ্ৰী আৰু ২৯ ডিগ্ৰী ৩০।


(গ) উত্তৰ পূব মৌচুমী বতাহ ____ কালত হয়।
উত্তৰ:-
শীত।


(ঘ) উত্তৰ-পূব ভাৰতত মুঠতে ___ খন‌ ৰাজ্য আছে।
উত্তৰ:-
৭।


(ঙ) ____ উত্তৰ-পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য।
উত্তৰ:-
মিজোৰাম।

*

Post a Comment (0)
Previous Post Next Post